উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ কেন্দ্ৰ উত্তীৰ্ণৰ হাৰ ৮০.৩০ শতাংশ হোৱাৰ বিপৰীতে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৭.৩০ শতাংশ :
Aiidesh News : 28 April - 2026 :
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলফল অনুসৰী বোকাখাত সমজিলাৰ বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যায়লয়ৰ পৰীক্ষা কেন্দ্ৰৰ মুঠ গৰাকী ২৯৬ পৰীক্ষাৰ্থীৰ বিপৰীতে মুঠ ২৮৮ গৰাকী উত্তীৰ্ণ হৈছে। কেন্দ্ৰটোৰ সামগ্ৰিক উত্তীৰ্ণ হাৰ হ'ল ৯৭.৩০ শতাংশ । মুঠ পৰীক্ষাৰ্থীৰ ১৭৫ গৰাকী প্ৰথম, ৯৪ গৰাকী দ্বিতীয় আৰু ১৯ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ইফালে বোকাখাতৰ জে ডি এছ জি পৰীক্ষা কেন্দ্ৰৰ মুঠ ৪০৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩২৬ গৰাকী উত্তীৰ্ণ হৈছে আৰু কেন্দ্ৰটোৰ উত্তীৰ্ণৰ হাৰ হ'ল ৮০.৩০ শতাংশ। কেন্দ্ৰটোৰ মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৫৩ গৰাকীয়ে প্ৰথম, ৯২ গৰাকীয়ে দ্বিতীয় আৰু ১৮১ গৰাকী পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
শিক্ষানুষ্ঠান হিচাবে বোকাখাতৰ জে ডি এছ জি পৰীক্ষা কেন্দ্ৰৰ অধীনৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ কলা শাখাত মুঠ ৪০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪০ গৰাকীয়েই উত্তীৰ্ণ হোৱাৰ বাবে মহাবিদ্যালয়ৰ উত্তীৰ্ণ হাৰ এশ শতাংশ। মহাবিদ্যালয়ৰ মুঠ পৰীক্ষাৰ্থীৰ ৩ গৰাকীয়ে ডিষ্টিংচন আৰু ১০ গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ ২১ গৰাকীয়ে প্ৰথম, ১৫ গৰাকীয়ে দ্বিতীয় আৰু ৪ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৮৫ গৰাকী আৰু ইয়াৰে ৮৩ গৰাকী উত্তীৰ্ণ হোৱাৰ পিচত উত্তীৰ্ণ হাৰ হৈছে ৯৭.৬৪ শতাংশ। বিজ্ঞান শাখাত ১০ জনে ডিষ্টিংচন, আৰু ২৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ মুঠ ৭১ প্ৰথম বিভাগত , দ্বিতীয় বিভাগত ১১ গৰাকীয়ে আৰু ১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ।
একেদৰে জে ডি এছ জি মহাবিদ্যালয়ৰ কলা শাখাত মুঠ ৩৭০ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে ২৯৮ গৰাকী উত্তীৰ্ণ হোৱাত কলা শাখাৰ উত্তীৰ্ণৰ হাৰ ৮০.৫৪ শতাংশ । ইয়াৰে ২৭ গৰাকী পৰীক্ষাৰ্থী প্ৰথম , ৯০ গৰাকী দ্বিতীয় বিভাগত আৰু ১৮১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । মহবিদাযালয় খনৰ বানিজ্য শাখাৰ মুঠ ৫২ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে ৪৫ জন উত্তীৰ্ণ হোৱাৰ পিচত উত্তীৰ্ণ হাৰ ৮৯.৪১ শতাংশ । এই শাখাত ৫ গৰাকী প্ৰথম বিভাগত ২৭ গৰাকী দ্বিতীয় বিভাগত আৰু ১৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । মহাবিদ্যালয়ৰ কলা শাখাৰ আস্থা বৰুৱাই ৯১.৪০ শতাংশ নম্বৰৰে মহাবিদ্যালয় খনলৈ সুখ্যাতি আনিবলৈ সক্ষম হৈছে ।
বোকাখাতৰ খ্ৰীষ্টজ্যোতি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ বিজ্ঞান শাখাত মুঠ ৭ গৰাকী পৰীক্ষাৰ্থীয়ে ৭ গৰাকীয়েই উত্তীৰ্ণ হোৱাত উত্তীৰ্ণ হাৰ এশ শতাংশ । মুঠ ১২ টা লেটাৰ মাৰ্ক লাভ কৰিছে পৰীক্ষাৰ্থী সকলে। একেদৰে কলা শাখাত মুঠ ২৬ গৰাকীৰ ২৬ গৰাকীয়েই উত্তীৰ্ণ হোৱাৰ বাবে এই শাখাৰ উত্তীৰ্ণ হাৰো এশ শতাংশ। মুঠ পৰীৰ্ক্ষাৰ্থীৰ ১৩ গৰাকীয়ে প্ৰথম বিভাগত, ১২ গৰাকীয়ে দ্বিতীয় আৰু এগৰাকীয়ে ১ গৰাকীয়ে উতীৰ্ণ হোৱাৰ লগতে ১৮ বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে পৰীক্ষাৰ্থী সকলে।
ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক কলা শাখাত মুঠ ২৯ পৰীক্ষাৰ্থীৰ ভিতৰত ২৭ গৰাকী উত্তীৰ্ণ হোৱাৰ পিচত উত্তীৰ্ণ হাৰ ৯৩.১০ শতাংশ হয় । বিদ্যালয় খনৰ ৫ গৰাকী প্ৰথম বিভাগত, ১৬ গৰাকী দ্বিতীয় বিবাগত আৰু ৬ গৰাকী পৰীক্ষাৰ্থী তৃতীয় উত্তীৰ্ণ হোৱাৰ লগতে বিশ্বজিত দলে ষ্টাৰ নম্বৰ সহ ৮০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছে ।
বোকাখাতৰ আৰোহন নামৰ কনিষ্ঠ মহাবিদ্যালয়ৰ কলা শাখাত মুঠ ৫৫ গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ৫৫ গৰাকীয়েই উত্তীৰ্ণ হোৱাত উত্তীৰ্ণৰ হাৰ হয় এশ শতাংশ । কলা শাখাৰ মুঠ ২৯ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম, ১০ গৰাকীয়ে দ্বিতীয় আৰু ২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । ৩ গৰাকীয়ে ডিষ্টিংচন আৰু ১১ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে । ইফালে বিজ্ঞান শাখাৰ ১৯ গৰাকীৰ ১৯ গৰাকীয়েই উতীৰ্ণ হোৱাৰ উপৰিও ১০ গৰাকীয়ে প্ৰথম আৰু ২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় । এই শাখাত মুঠ ৭ গৰাকীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয় ।
একেদৰে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বেষ্ট একাডেমীৰ নামৰ শিক্ষানুষ্ঠানৰ মুঠ ১৪৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৪২ গৰাকী উতীৰ্ণ হোৱাত উত্তীৰ্ণ হাৰ হয় ৯৭.৯৩ । ইয়াৰে কলাশাখাত ১৬ গৰাকীয়ে ডিষ্টিংচন, ১৬ গৰাকীয়ে ষ্টাৰ সহ প্ৰথম বিভাগত, ১০ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । এই শাখাতে বেষ্ট একাডেমীৰ কস্তুৰী বৰাই সৰ্বমুঠ ৯৩.৪০ শতাংশ নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনে । বিজ্ঞান শাখাত এগৰাকীয়ে ডিষ্টিংচন, ৯ গৰাকীয়ে ষ্টাৰ সহ মুঠ ১৯ গৰাকীয়ে প্ৰথম আৰু ১২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় । শিক্ষানুষ্ঠান খনৰ বানিজ্য শাখাত ২৬ গৰাকী উত্তীৰ্ণ হয় । ইয়াৰে ৬ জনে ষ্টাৰসহ প্ৰথম বিভাগত, ১৪ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।
একেদৰে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাত মুঠ ৯৩ গৰাকী পৰীক্ষাৰ্থীৰ ৮৮ গৰাকী উত্তীৰ্ণ হোৱাত বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ ৯৬. ৪২ হয়। মুঠ পৰীক্ষাৰ্থীৰ ৭ গৰাকীয়ে ষ্টাৰ সহ ৪৪ গৰাকীয়ে প্ৰথম বিভাগত, ৪০ গৰাকী দ্বিতীয় বিভাগত আৰু ৪ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয় খনৰ বিজ্ঞান শাখাত মুঠ ৯ গৰাকী পৰীক্ষাৰ্থীৰ ৯ গৰাকীয়েই উত্তীৰ্ণ হোৱা উতীৰ্ণৰ হাৰ এশ শতাংশ। মুঠ পৰীক্ষাৰ্থীৰ এগৰাকীয়ে ষ্টাৰ মৰ্ক সহ ৮ গৰাকী প্ৰথম বিভাগত আৰু ১ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।
ফলাফল অনুসৰী নুমলীগড় মহাবিদ্যালয়ৰ ৬ গৰাকী পৰীক্ষাৰ্থীয়ে কলা শাখাত অৱৰতীৰ্ণ হৈ ৪ গৰাকীহে উত্তীৰ্ণ হাৰ হয় ৬৬. ৬৭ শতাংশ। মুঠ পৰীক্ষাৰ্থীৰ ৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।
************



