কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত নবাগত আদৰণি আৰু অভিনন্দন অনুষ্ঠান :

কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত নবাগত আদৰণি আৰু  অভিনন্দন অনুষ্ঠান :
Aiidesh Photo

Aiidesh News : 25 April - 2026 :

৬২ বছৰ  অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ২৪ এপ্ৰিলৰ দিনা নৱাগত আদৰণি আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উৰ্ত্তীন হোৱা ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আয়োজিত কৰা হয় । এগচি বন্তি প্ৰজ্বলন আৰু ছাত্ৰী সকলৰ দ্বাৰা আৰম্ভণি সমবেত সংগীত পৰিৱেশনেৰে অনুষ্ঠান আৰম্ভ কৰা হয় । সভাৰ সভাপতিত্ব কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই। আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শিখামনি গগৈয়ে। নৱাগতা সকলক বন্তি আৰু চন্দনৰ তিলক প্ৰদান কৰি আদৰণি জনোৱাৰ লগতে নৱাগতা ছাত্ৰী সকলৰ চিনাকি পৰ্ব হয় । পৰৱৰ্তী সময়ত কৃতী ছাত্ৰী সকলক অভিনন্দন জনোৱা হয়। বিদ্যালয়ৰ তৰফৰ পৰা সফলতা অৰ্জন কৰা সকলো ছাত্ৰীক অভিনন্দন পত্ৰ, বহী আৰু কলম প্ৰদান কৰা হয় লগতে  সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰিয়াক্ষী গগৈক অমল ফুকন সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰা হয়। প্ৰিয়াক্ষী গগৈক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী লিলি গগৈয়ে নগদ ধন, আৰু কিতাপৰ টোপলাৰে অমল ফুকন সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰে । অনুষ্ঠানতে শিক্ষয়িত্ৰী তুলামাই গগৈয়েও প্ৰয়াত পিতৃৰ সোঁৱৰণত ছাত্ৰীসকলক উপহাৰ প্ৰদান কৰে। সভাত উপস্থিত থকা অনন্ত বাৰুকীয়াল আৰু বহু কেইজন অভিভাৱক অভিভাৱিকাই যোগাত্মক বক্তৃতা দাঙি ধৰাৰ শেষত ছাত্ৰী সকলে দ্বাৰা বৰ অসম গীতটিত দলীয় নৃত্য আৰু ঝুমুৰ নৃত্য পৰিবেশন কৰে।

********