ভাৰতীয় ফটোগ্ৰাফীৰ কিংৱদন্তী প্ৰসিদ্ধ ফটোগ্ৰাফাৰ ৰঘু ৰায়ৰ বিয়োগ :

ভাৰতীয় ফটোগ্ৰাফীৰ কিংৱদন্তী প্ৰসিদ্ধ ফটোগ্ৰাফাৰ ৰঘু ৰায়ৰ বিয়োগ  :
Collected

Aiideh News : 26 April - 2026 :

ভাৰতীয় ফটো-সাংবাদিকতাৰ জনক বুলি পৰিচিত বিশিষ্ট ফটোগ্ৰাফাৰ ৰঘু ৰায়ৰ আজিৰ ৮৩ বছৰ বয়সত নতুন দিল্লীত বিয়োগ হয় । ছটাতকৈও অধিক দশক কাল ৰঘু ৰায়ে তেওঁৰ কেমেৰাৰে  ভাৰতৰ আত্মাক বন্দী কৰিছিল । বাংলাদেশৰ মুক্তিযুদ্ধ, ভূপালৰ গেছৰ দুঃখজনক ঘটনা, আৰু বহু বিশিষ্ট লোকক আলোক চিত্ৰ ধৰি ৰাখিছিল ।  ১৯৭২ চনত পদ্মশ্ৰী লাভ কৰা ৰঘু ৰায়ে ১৮ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছিল আৰু ৱৰ্ল্ড প্ৰেছ ফটোৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনতো জুৰি হিচাবে অংশগ্ৰহন কৰিছিল । ৰঘু ৰায়ে তোলা বহু ফটো তেওঁৰ টাইম, লাইফ, জিঅ’, নিউয়ৰ্ক টাইমচ, নেচনেল জিঅ’গ্ৰাফীৰ দৰে বিশ্বৰ প্ৰসিদ্ধ আলোচনীত প্ৰকাশ পাইছিল । 

মৃত্যুৰ সময়ত ৰঘূ ৰায়ে পৰিহাৰ গুৰমিত ৰায়, পুত্ৰ নিতিন ৰায় আৰু কন্যা লগন, অৱনী আৰু পূৰহৈক এৰিথৈ যায় । তেওঁৰ অন্ত্যেষ্টি আজি নতুন দিল্লীৰ লোধী শ্মশানত সম্পন্ন কৰা হয় ।  ৰঘু ৰায়ৰ মৃত্যু ভাৰতীয় ফটোগ্ৰাফীৰ এটা যুগৰ অন্তপৰে । তেওঁৰ ফটোগ্ৰাফবোৰ ভাৰতীয়ৰ স্মৃতিত চিৰন্তন আৰ্কাইভত চিৰদিনৰ বাবে থাকি যাব।  

********