এটি কলি দুটি পাত আঁচনিৰ পৰা বোকাখাতৰ চাহ শ্রমিক বঞ্চিত হোৱাৰ অভিযোগ ভাৰতীয় চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ :
Aiidesh News : 14 April - 2026 :
অসমৰ দুশ বছৰীয়া চাহ উদ্যোগলৈ চাহ শ্রমিক সকলে যি অৱদান আগবঢ়াই আহিছে তাৰ স্বীকৃতি স্বৰূপে মুখ্যমন্ত্ৰীৰ "এটি কলি দুটি পাত” আঁচনিৰ জড়িয়তে অসমৰ চাহ বাগিছাত কাম কৰা প্ৰায় ৬ লাখৰো অধিক চাহ শ্রমিক আৰু কর্মচাৰীক ৫ হেজাৰ টকাকৈ এক কালিন বিত্তীয় সাহাৰ্য্য প্রদান কৰিছে । সমগ্ৰ অসমৰ লগতে বোকাখাত সমজিলাৰ চাহ শ্ৰমিকলৈও এই অনুদান প্ৰদান কৰা হৈছিল আৰু এই অনুদানৰ চেক সমুহ বোকাখাত সমজিলা প্ৰশাসনলৈ প্ৰেৰণো কৰা হৈছিল । সমজিলা খনৰ বোকাখাত চাহ বাগিছাত যোৱা ২৫ জানুৱাৰীত এই আঁচনিৰ শুভাৰম্ভ কৰি চাহ শ্ৰমিকৰ মাজত ইয়াৰে কিছু আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে সমজিলা প্ৰশাসনে । এই উদ্বোধনী অনুষ্ঠানৰ পিচতেই আৰু কোনো চেক কোনো শ্ৰমিককে দিয়া নহল বুলি অভিযোগ উত্থাপন কৰিছে ভাৰতীয় চাহ মজদুৰ সংঘৰ বোকাখাত শাখাই । এই অভিযোগেৰে বোকাখাত সমজিলা আয়ুক্তক ১৩ এপ্ৰিলত এক অভিযোগপত্ৰ দাখিল কৰিছে শ্ৰমিক সংগঠনটোয়ে । ভাৰতীয় চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সভাপতি দ্বিপেন চাৰাক আৰু সম্পাদক মনোজ কৰ্মকাৰ স্বাক্ষৰিত এই অভিযোগ পত্ৰত বোকাখাত সমজিলাৰ বহু কেইখন চাহ বাগিছাৰ শ্রমিকে ‘এটি কলি দুটি পাত’ আঁচনিৰ ৫ হেজাৰ টকাৰ আৰ্থিক অনুদানৰ চেক আজিৰ তাৰিখলৈকে নাপালে বুলি উল্লেখ কৰিছে । অভিযোগ মতে বোকাখাত সমজিলালৈ অহা আৰ্থিক অনুদানৰ চেকসমূহ বোকাখাত সমজিলা আযুক্তৰ কাৰ্যালয়তে পৰি থাকিল । ১৫ জানুৱাৰীত স্বাক্ষৰিত এই চেকসমূহৰ ম্যাদ তিনিমাহ অর্থাৎ এপ্রিল মাহৰ ১৫ তাৰিখ লৈকেহে আছিল । ম্যাদ উকলি যোৱাৰ কথা মনত পৰাত যোৱা ১২ এপ্ৰিল দেওবাৰে বোকাখাত সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা হিতাধিকাৰী শ্ৰমিকলৈ ফোন কৰি কিছু সংখ্যক চেক পুনৰ বিতৰণ কৰে যদিও বেছি সংখ্যক চেকেই ৰৈ যায় প্ৰশাসনৰে হাতত বুলি অভিযোগ পত্ৰত উল্লেখ কৰিছে শ্ৰমিক সংগঠনটোয়ে । ইতিমধ্যেই ১৫ এপ্ৰিলত শ্ৰমিকক নিদিয়াকৈয়ে প্ৰশাসনৰ জিম্মাতে ম্যাদ উকলি যাব এটি কলি দুটি পাত আঁচনিৰ বোকাখাতৰ শ্ৰমিকৰ বাবে অহা আৰ্থিক অনুদানৰ চেক সমুহৰ ।
এটি কলি দুটি পাত আঁচনিৰ আৰ্থিক অনুদানৰ পৰা বোকাখাতৰ চাহ শ্ৰমিক সকল বঞ্চিত হোৱাৰ পিচত কাৰ গাফিলতিৰ বাবে বিগত তিনিমাহ ধৰি এই চেক সমূহ বোকাখাত সমজিলাৰ কাৰ্য্যালয়তে পৰি থাকিল বুলি সমজিলা আয়ুক্তক প্ৰশ্ন কৰিছে ভাৰতীয় চাহ মজদুৰ সংঘৰ বোকাখাত শাখাই । উল্লেথিত অভিযোগ পত্ৰৰে কিয় বোকাখাতৰ চাহ শ্রমিক সকলক এই আঁচনিৰ পৰা বঞ্চিত কৰা হ’ল, ইয়াৰ বাবে দায়ী কোন বুলি সমজিলা আয়ুক্তক অভিযোগ উত্থাপন কৰিছে শ্ৰমিক সংগঠনটোয়ে ।
এই ঘটনাৰ বিহিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে অতিশীঘ্ৰে চেকসমূহৰ ম্যাদ বৃদ্ধিৰ ব্যৱস্থা কৰি চাহ শ্রমিক সকলে পাব লগা এটি কলি দুটি পাত আঁচনিৰ আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে অন্যথা শ্রমিক সকলক এই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰা অন্যায়ৰ প্ৰতিবাদত ন্যায় বিচাৰি শ্ৰমিক ৰাইজক লগতলৈ গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি জনাইছে ভাৰতীয় চাহ মজদুৰ সংঘৰ বোকাখাত শাখাই ।
**********



