কাজিৰঙাৰ পৰা নুমলীগড়লৈকে ৭১৫ নং ৰাষ্ট্ৰীয় পথৰ মেৰামতিৰ দাবীৰে সমজিলা আয়ুক্তক স্মাকৰ পত্ৰ প্ৰদান বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ :
Aiidesh News : 28 April - 2026 :
অসমৰ সবাতোকৈ ব্যস্ত ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বোকাখাত সমজিলাৰ মাজেৰে পাৰ হৈ গৈছে। এই পথটোৰ কাজিৰঙাৰ পৰা নুমলীগড়লৈকে প্ৰসাৰিত পথচোৱাত বহুটো দ' গাঁত সৃষ্টি হোৱাৰ লগতে কিছু অংশত ৰাষ্ট্ৰীয় পথচোৱা ঠেক হোৱাৰ বাবেই দৈনিক সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । এই ক্ষেত্ৰত আজি বিভাগীয় কর্তৃপক্ষৰ হেমাহি আৰু প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই বিগত দিনবোৰত এই দুর্ঘটনা সমূহত বহু লোকে প্রাণ হেৰুৱাইছে বুলি অভিযোগ কৰিছে বোকাখাত মহকুমা ছাত্র সন্থাই লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে বৃহৎ পর্যটন উদ্যোগ থকা বোকাখাত সমজিলাত ৰাষ্ট্ৰীয়পথৰ এই শোচনীয় অৱস্থা চৰম দুর্ভাগ্যজনক বুলি মন্তব্য কৰিছে । উজনি নামনি সংযোগী ৭১৫ নং এই ৰাষ্ট্ৰীয় পথচোৱা অতি শীঘ্ৰে মেৰামতিৰ বাবে সমজিলা আয়ুক্তক আজি এক স্মাৰক পত্ৰ প্ৰদান কৰে বোকাখাত মহকুমা ছাত্র সন্থা । লগতে এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্রহণ নকৰিলে ৰাইজক লগত লৈ বোকাখাত মহকুমা ছাত্র সন্থাই গনতান্ত্রিক প্রতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি সভাপতি মনোজ শইকীয়া আৰু ভাঃ প্রাঃ সাঃ সম্পাদক বিশ্বজিত দেবনাথে স্বাক্ষৰ কৰা স্মাৰক পত্ৰত উল্লেখ কৰিছে ।
********



