বোকাখাতৰ চুপহাসত্ৰ সত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ বোকাখাত জিলা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ঈশ্বৰ চন্দ্ৰ মহন্তৰ দেহাৱসান :

বোকাখাতৰ চুপহাসত্ৰ সত্ৰাধিকাৰ,  অসম সত্ৰ মহাসভাৰ বোকাখাত জিলা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ঈশ্বৰ চন্দ্ৰ মহন্তৰ দেহাৱসান :
Aiidesh Photo

Aiidesh News : 21 April - 2026 :

অসম সত্ৰ মহাসভাৰ বোকাখাত জিলা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক, কয়লাখাট প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক , অসম সাহিত্য সভাৰ আজীৱন সভ্য ,চুপহা সত্ৰৰ সত্ৰাধিকাৰ ঈশ্বৰ চন্দ্ৰ মহন্তৰ বাদ্ধৰ্কজনিত কাৰণত আজি বিয়লি ৪ বাজি ৪৭ মিনিটত দেহাৱসান হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ ৷ মৃত্যুৰ সময়ত ঈশ্বৰ চন্দ্ৰ মহন্তই দুজন পুত্ৰ আৰু এগৰাকী জীয়ৰী, নাতি-নাতিনীৰ লগতে ভাতৃ ,ভতিজা আৰু অগণন আত্মীয় কুটুম্বক এৰি থৈ যায় । তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগনন গুণমুগ্ধই তেখেতৰ বাসভৱনত উপস্থিত হৈ প্ৰয়াত ঈশ্বৰ চন্দ্ৰ মহন্তলৈ শেষ শ্ৰদ্ধা জনায় । ঈশ্বৰ চন্দ্ৰ মহন্তৰ মৃত্যুত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সংস্থা, ইমজা বোকাখাত, অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত সমজিলা  সাংবাদিক মঞ্চ, বোকাখাত সত্ৰ মহাসভা, বোকাখাত পুৱতি সাহিত্য সভা, সন্ধানী লেখিকা সমাৰোহ সমিতি, ডিফলুপৰীয়া সাহিত্য সভা, বোকাখাত ব্রাহ্মণ সমাজ, গ্ৰাছ বোকাখাতকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু ব্যক্তিয়ে বিশেষে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালৈ সমবেদনা জ্ঞাপন কৰে ৷

********