বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সংস্থা আৰু এইদেশৰ উদ্যোগত বিভিন্ন অনুস্থানৰ সহযোগত বোকাখাতত জনতাৰ প্ৰহৰী ‘আপকু’ ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াৰ ৯৭ সংখ্যক জন্মদিন আৰু স্মৃতিচাৰণ অনুষ্ঠিত :

Aiidesh news : 16 January - 2026 :

বোকাখাত প্ৰেছ ক্লাব আৰু বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত, পুৱতি সাহিত্য সভা, সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত নাট্য মন্দিৰ, ইমজা বোকাখাত, কাজিৰঙা নিউজ নেটৱৰ্ক, ৰাইজৰ খবৰ, আপকু, গোলাঘাট জিলা সমিতি, বিহু সুৰক্ষা সমিতি অসম, বোকাখাত আৰু এইদেশ নিউজৰ সহযোগত আজি বোকাখাতত জনতাৰ প্ৰহৰী প্ৰয়াত ভৱেশ শইকীয়াৰ ৯৭ সংখ্যক জন্মদিৱস উদযাপন কৰা হয় । বোকাখাত প্রেছ ক্লাব আৰু অল আচাম প্ৰেছ ক’ৰেচপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকুৰ প্ৰতিস্থাপক সভাপতি, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত ভৱেশ শইকীয়াৰ ৯৭ সংখ্যক জন্মদিৱস আৰু স্মৃতিচাৰণ অনুষ্ঠান আজি বিয়লি বোকাখাতৰ প্ৰেৰণা আলহী ঘৰৰ প্ৰাংগনত অনুষ্ঠিত হয় । 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰয়াত ভৱেশ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ভৱেশ শইকীয়াৰ পৰিবাৰ, কৃৰ্তি শিক্ষয়ত্ৰী চন্দ্ৰপ্ৰভা শইকীয়াই । পুষ্পাঞ্জলিৰে স্মৃতি তৰ্পণ কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত   মহকুমা  সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি গোপিকানন্দ শইকীয়া, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা,বিহু সুৰক্ষা সমিতি, অসম, বোকাখাতৰ সভাপতি, মনো বৰা , ইমজা, বোকাখাতৰ সভাপতি

ৰোমান বৰুৱা, কাজিৰঙা নিউজ নেটৱৰ্কৰ সভাপতি বদন দুৱৰা, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভাপতি অনুৰাধা বৰদলৈ, আৰু বোকাখাতৰ বিশিষ্ট সমাজ কৰ্মী মহাবীৰ প্ৰসাদ আগ্ৰাৱালা, পৌকসভাৰ ৱাৰ্ড সদস্য প্ৰাঞ্জল বৰুৱা, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা বিপুল বৰা, নীলোৎপল খাউণ্ড আৰু প্ৰাঞ্জল ভড়ালী আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে ।

পৰৱৰ্তী সময়ত বিয়লি ৩ বজাত ভৱানন্দ কলিতাৰ পৌৰহিত্যত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । সভাত আদৰণী ভাষণ প্ৰদান কৰে বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই । এইদেশ নিউজৰ উদ্যোগত প্ৰয়াত ভৱেশ শইকীয়াৰ স্মৃতিত প্ৰদান কৰি অহা এইদেশ বঁটা পৰৱৰ্তী সময়ত তিনি বছৰৰ মুৰত প্ৰদান কৰা হ’ব বুলি আদৰণী ভাষণত উত্তম শইকীয়াই সভাত অৱগত কৰে । স্মৃতিচাৰণ অনুষ্ঠানত লেখিকা সমাৰোহ সমিতি অসমৰ প্ৰাক্তন সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, বিশিষ্ট সমাজ সেৱক মহাবীৰ প্ৰসাদ আগ্ৰৱালা,স্থানীয় জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ বাবুলাল মোৰ, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অপূৰ্ব বৰদলৈ আৰু প্ৰয়াত ভৱেশ শইকীয়াৰ পৰিবাৰ চন্দ্ৰপ্ৰভা শইকীয়াই আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহন কৰে । অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু  ভাৰতীয় গননাট্য সংঘৰ অসম সমিতিৰ যুটীয়া সম্পাদক সোনেশ্বৰ নৰহে সমল ব্যক্তি হিচাবে অংশগ্ৰহন কৰে ।  অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ অপূৰ্ব বৰদলৈ, ড০ বাবুলাল মোৰ, গোপিকানন্দ শইকীয়া, ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়া, মনোৰঞ্জন সেন আদিয়ে ভাষণ প্ৰদান কৰে । ভবানন্দ কলিতাৰ সভাপতিৰ মন্তব্য আৰু  বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্যৰ শলাগৰ শৰাইৰ আকৰ্ষণী মন্তব্যৰে সভাৰ সমৰণি পৰে ।

**********