বোকাখাতৰ পলাশগুৰি নিৱাসী সমাজসেৱক কুল বাহাদুৰ ছেত্ৰী মৃত্যু :
Aiidesh News : 18 April - 2026 :
বোকাখাত পলাশগুৰি নিৱাসী বিশিষ্ট সমাজকৰ্মী, তথা অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যৱসায়ী কুল বাহাদুৰ ছেত্ৰী (৬৫) ১৬ এৰ্ৰিলৰ নিশা প্ৰায় ১০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে । আজি তেখেতৰ নশ্বৰ দেহ বোকাখাত নগৰৰ মাজ মজিয়াত থকা ব্যৱসায় প্ৰতিষ্ঠানলৈ অনাৰ সময়ত অগনন লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ ,একমাত্ৰ কণ্যা, বোৱাৰী, জোঁৱাই, নাতি, নাতিনী, সহ বহু আত্মীয়ক এৰি থৈ যায় । প্ৰয়াত কুল বাহাদুৰ ছেত্ৰী গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ ছেত্ৰীৰ পিতৃ । বোকাখাতৰ বিভিন্ন সংগঠনে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।
********



