গনৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসালয়ত গৰাকীবিহীন কুকুৰ পোৱালীৰ দত্তক শিৱিৰ :

গনৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসালয়ত গৰাকীবিহীন কুকুৰ পোৱালীৰ দত্তক শিৱিৰ :
Aiidesh photo

Aiidesh Nws : 18 January - 2026 : 

দেশৰ ৭৭ সংখ্যক গনৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বোকাখাত নগৰত থকা ৰাজ্যিক পশুচিকিৎসালয়ে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহন কৰিছে । পশুচিকৎসালয় খনৰ পশু চিকিৎসক ডা০ ৰাজশ্ৰী জনোৱা মতে পশুচিকিৎসালয় খনৰ উদ্যোগত অহা ২৪ জানুৱাৰীত চিকিৎসালয়খনৰ প্ৰাংগনত গৰাকী বিহীন কুকুৰৰ পোৱালী গ্ৰহন কৰা এক দত্তক (adopt) শিৱিৰৰ আয়োজন কৰিছে । নগৰ খনৰ বিভিন্ন প্ৰান্তৰ পৰা সংগৃহীত আৰু স্বাস্থ্য পৰীক্ষা কৰা কুকুৰৰ পোৱালীবোৰ উক্ত দিনা পৰিয়াল বা ব্যক্তি বিশেষে নিজৰ বাসগৃহত প্ৰতিপালন কৰি ৰাখিবৰ বাবে আনুষ্ঠানিক ভাৱে গ্ৰহন কৰিব পাৰিব । ইয়াৰ বাবে ইচ্চুক ব্যক্তিয়ে চিকিৎসালয় খনৰ দ্বাৰা প্ৰদান কৰা  ৯১০১৭৭০৭৪৩ নম্বৰত ফোন কৰি নাম পঞ্জীয়ন কৰাৰ লগতে সৱিশেষ জানিব পাৰিব বুলিও ডা০ ৰাজশ্ৰী ভুঞাই জনায় । শিৱিৰৰ দিনা কুকুৰৰ পোৱালী গ্ৰহন কৰিব বিচৰা ব্যক্তি সকলৰ সন্মুখতে ল’ব বিচৰা কুকুৰৰ পোৱালীটোক জলাতংকৰ প্ৰতিষেধক প্ৰদান কৰি এখন প্ৰমানপত্ৰ আৰু কুকুৰ পোৱালী প্ৰতিপালনৰ কেতবোৰ সামগ্ৰীও পোৱালীটোৰ লগতে উপহাৰ হিচাবে পশু চিকিৎসালয় খনৰ তৰফৰ পৰা প্ৰদান কৰিব । নগৰাঞ্চলত গৰাকীবিহীন কুকুৰ সংখ্যা নিয়ন্ত্ৰন কৰি জলাতংক বা পথ দুৰ্ঘটনা আদি প্ৰতিৰোধ কৰাৰ লগতে পশু কল্যানৰ এইয়া আমাৰ এক প্ৰচেষ্টা বুলি জনায় পশু চিকিৎসক ডা০ ৰাজশ্ৰী ভুঞাই । 

************