বোকা পানীৰে পুতিগন্ধময় উজনি অসমৰ বৃহৎ সপ্তাহিক বিহৰা বজাৰৰ পৰিৱেশ : কানসাৰ নাই ৰাজহ সংগ্ৰহ কৰা কৰ্তৃপক্ষৰ :

বোকা পানীৰে পুতিগন্ধময় উজনি অসমৰ বৃহৎ সপ্তাহিক বিহৰা বজাৰৰ পৰিৱেশ : কানসাৰ নাই ৰাজহ সংগ্ৰহ কৰা কৰ্তৃপক্ষৰ :
Aiidesh Photo

Aiidesh News : 13 April - 2026 : 

বোকাখাত সমজিলাৰ বিহৰা চাহ বাগিচাৰ সমীপতে সপ্তাহৰ প্ৰতিটো দেওবাৰে বহে উজনি অসমৰ বৃহৎ সাপ্তাহিক বজাৰ । উজনি অসমৰ লগতে মধ্য অসমৰ নগাঁও ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ গহপুৰ আৰু নগালেণ্ডৰ ডিমাপুৰ আদিৰ সৈতে থকা বানিজ্যিক সম্পৰ্কৰে গ্ৰাম্য অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত বোকাখাতৰ এই বিহৰা বজাৰ । কৃষকে কৃষিজাত সামগ্ৰী এই বজাৰতে বিক্ৰী কৰি ক্ৰয় কৰে প্ৰয়োজনীয় সামগ্ৰী । অন্যহাতে এই বজাৰতে বেচা কিনা হয় পশুধনৰো। প্ৰতি শনিবাৰে উত্তৰ পাৰৰ গহপুৰৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি বহু গৰু ম'হো অনা হয় দেওবৰীয়া বিহৰা বজাৰলৈ । ব'হাগ বিহুৰ প্ৰাকক্ষণত যোৱা ১২ এপ্ৰিলতো বহিছিল দেওবৰীয়া এই বিহৰা বজাৰ । কিন্তু এই বজাৰৰ কদৰ্য ৰূপে বজাৰলৈ অহা ব্যৱসায়ী আৰু  গ্ৰাহক সকলোকে যথেষ্ট সমস্যাত পেলায় । বিহৰা বজাৰখনৰ মাজত নিৰ্মান কৰা বজাৰ গৃহ বোৰৰ মাজে মাজে থকা পথত এতিয়া বোকাৰে পুতিগন্ধময় পৰিৱেশ । প্ৰতিটো পথতে বোকা আৰু আৱৰ্জনাৰ পাহাৰ । মানুহ আহ যাহ কৰিব নোৱৰা অৱস্থা। 

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ী আহে এই বজাৰখনলৈ । কিন্তু নিৰাশ হয় বজাৰলৈ অহা ব্যৱসায়ীসকল । বজাৰ গৃহৰ জৰাজীৰ্ণ ৰূপ আৰু বজাৰৰ ভিতৰৰ পথসমূহত বোকা-পানী, আৱৰ্জনা আৰু হাবি বনে কৰ্দযময় ৰূপ লোৱাৰ বাবে ব্যৱসায়ী আৰু গ্ৰাহকে হাৰাহাস্তি ভোগিব লগাত পৰিছে । বিহৰা বজাৰৰ ভিতৰৰ এই দুৰৱস্থাৰ কথা স্থানীয় ৰাইজে গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ বিষয়াক অৱগত কৰিছিল যদিও কোনো কোনো সঁহাৰি পোৱা নাই বুলি স্থানীয় লোক আৰু ব্যৱসায়ী সকলে অভিযোগ কৰিছে । বজাৰলৈ অহা প্ৰতিজন ব্যৱসায়ীৰ পৰা প্ৰতি সপ্তাহতে বৃহৎ কৰ সংগ্ৰহ কৰে অনুমোদিত  লেচীয়ে । এই কৰৰ বিনিময়ত বিহৰা বজাৰত  নূন্যতম সুবিধা খিনিও পোৱা নাই বুলি অভিযোগ কৰিছে বজাৰলৈ অহা ব্যৱসায়ী আৰু স্থানীয় লোকে । ব'হাগ বিহুৰ এই সময়ত বিহৰাৰ মূল বজাৰৰ বাট পথৰ দুৰৱস্থাৰ বাবে ব্যৱসায়ী সকল ভীষণ লোকচানৰ সন্মুখীন হৈছে বুলিও জনাইছে।  

*********