উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি
Aiidesh photo
উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aiidesh News : 5 March - 2026 :  

অলপতে গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স পৰীক্ষাগাৰৰ এটা ৱেবছাইট - www.wildlifegeneticslab.in মুকলি আৰু বন্যপ্ৰাণীৰ ডি এন এ ফৰেনছিক তদন্ত আৰু নমুনা সংগ্ৰহৰ বিভিন্ন পদ্ধতি সম্পৰ্কীয় এখন বিস্তৃত গাইডবুক উন্মোচন কৰা হয় । এই ৱেবচাইট আৰু গাইডবুকখন উত্তৰ পূৱ ভাৰতৰ বন্যপ্ৰাণী জেনেটিক্স আৰু ফৰেণছিক পৰীক্ষাৰ ক্ষেত্ৰত অন্যতম বাটকটীয়া আৰণ্যকৰ জেনেটিক্স পৰীক্ষাগাৰটোৰ যাত্ৰাপথত আন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে ।

যোৱা ২ মাৰ্চত আৰণ্যকৰ বেলতলাস্থিত প্ৰশাসনিক কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত ৱেবচাইট আৰু গাইডবুকখন উন্মোচন কৰা হয় । অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক (পশু চিকিৎসা বিজ্ঞান) ড০ প্ৰবোধ বৰা মুখ্য অতিথি আৰু বিশিষ্ট সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা মৃণাল তালুকদাৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে । অনুষ্ঠানৰ আদৰণি ভাষণত আৰণ্যকৰ সভাপতি জিমুত প্ৰসাদ শৰ্মাই বিজ্ঞানভিত্তিক সংৰক্ষণৰ বাবে সংস্থাটোৰ অটল দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে । আৰণ্যকৰ উপ সভাপতি নাৰায়ণ মহন্ত,  বিত্ত সচিব  কৌশিক বৰাকে ধৰি সংস্থাটোৰ কাৰ্যনিৰ্বাহক সমিতিৰ অন্যান্য সদস্য সকলো অনুষ্ঠানটোত উপস্থিত থাকে । 

অনুষ্ঠানত আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স বিভাগৰ সঞ্চালক আৰু মুৰব্বী তথা বন্যপ্ৰাণী জেনেটিক্স পৰীক্ষাগাৰৰ প্ৰতিষ্ঠাপক উদয়ন বৰঠাকুৰে ২০০৮ চনত আৰম্ভ হোৱাৰ পৰা এই পৰীক্ষাগাৰক ৰাজ্য চৰকাৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ৩২৯(৪) নং ধাৰাৰ অধীনত বন্যপ্ৰাণী জেনেটিক্স আৰু ফৰেনছিক পৰীক্ষাগাৰ হিচাপে স্বীকৃতি দি আনুষ্ঠানিক অধিসূচনা জাৰি কৰালৈকে দীঘলীয়া যাত্ৰাৰ বৰ্ণনা কৰে । উদয়ন বৰঠাকুৰৰ মতে নতুনকৈ মুকলি কৰা ৱেবছাইটটোৱে চৰকাৰী সংস্থা আৰু অন্যান্য অংশীদাৰ সকলক বন্যপ্ৰাণী জেনেটিক্স পৰীক্ষাগাৰৰ গৱেষণা, সংৰক্ষণ পদক্ষেপ  আৰু ফৰেনছিক সেৱাৰ তথ্য সহজে লাভ কৰাত সহায কৰিব । অনুষ্ঠানৰ মুখ্য অতিথিৰ ভাষণত ড০ প্ৰবোধ বৰা কয়, “আণৱিক প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে জৈৱ বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্চিক প্ৰক্ৰিয়াসমূহ অনুধাবন কৰাৰ সুবিধাও অধিক সম্প্ৰসাৰিত হৈছে। এই অঞ্চলত ডব্লিউ জি এলৰ অৱদান প্ৰশংসনীয় আৰু চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডই পৰীক্ষাগাৰটোৰ অবিৰত উত্তৰণ আৰু আধুনিকীকৰণৰ বাবে সম্ভৱপৰ সকলো সমৰ্থন আগবঢ়াব লাগে।” মৃণাল তালুকদাৰে কয়, “এটা ক্ষুদ্ৰ সংৰক্ষণ পদক্ষেপৰ পৰা উত্তৰ-পূব ভাৰতত জৈৱ বৈচিত্ৰ্য সংৰক্ষণক নতুন মাত্ৰা প্ৰদান কৰা অত্যাধুনিক জিনীয় সুবিধা সম্পন্ন এক শক্তিশালী গৱেষণা সংস্থালৈ হোৱা আৰণ্যকৰ ৩৭ বছৰীয়া ৰুপান্তৰক আমি প্ৰত্যক্ষ কৰিছোঁ।” শেষত উপস্থিত অতিথি, সংবাদ মাধ্যমৰ প্ৰতিনিধি  আৰু আৰণ্যকৰ সদস্যসকলৰ মাজত হোৱা মত-বিনিময় কাৰ্যসূচীৰে উন্মোচনী অনুষ্ঠানৰ সামৰণি পৰে । শেষত প্ৰচাৰ সচিব বিজয় শংকৰ বৰাই শলাগৰ শৰাই আগবঢ়ায় ।

********